otherhindi

Mayabini Ratir Bukut

Artist: Zubeen Garg

Share:

Mayabini Ratir Bukut

Tap to play

Lyrics with Meaning

View lyrics page →

Original

মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা

Verse 2

Original

ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত

Verse 3

Original

প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা

Verse 4

Original

ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত

Verse 5

Original

দুচকুলে' তোমাৰ চালে সপোন আঁতৰি দিঠক নামে ছুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে

Verse 6

Original

ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত

Verse 7

Original

মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা

Zubeen garg

Panchang

Get the daily panchang & festival updates

Join our free newsletter, no spam, unsubscribe anytime.